- মুছলিমসকলে সন্দেহযুক্ত বস্তু পৰিত্যাগ কৰি, নিশ্চিত য়াকীন থকা বস্তুবোৰক মজবুতভাৱে ধাৰণ কৰা জৰুৰী। লগতে এইটো হ'ব লাগে দ্বীনি জ্ঞানৰ জৰিয়তে।
- সন্দেহযুক্ত বিষয়ত পতিত হোৱাৰ পৰা নিষেধ কৰা হৈছে।
- যদি আপুনি সুখ শান্তি বিচাৰে তেন্তে সন্দেহযুক্ত বিষয়বোৰ পৰিত্যাগ কৰক আৰু সেইবোৰৰ পৰা আঁতৰি থাকক।
- বান্দাসকলৰ ওপৰত মহান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ যে, তেওঁ সিহঁতক সেইবোৰ কৰ্মৰ নিৰ্দেশ দিছে যাৰ ভিতৰত তেওঁলোকৰ আন্তৰিক শান্তি আছে আৰু মানসিক সুখ আছে, লগতে তেওঁ সেইবোৰৰ পৰা নিষেধ কৰিছে, যিবোৰত সিহঁতৰ বাবে আছে মানসিক অশান্তি আৰু অস্থিৰতা।