- ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা সিহঁতৰ সৈতে জিহাদ কৰিবলৈ উৎসাহিত কৰা হৈছে। প্ৰত্যেকেই নিজৰ সক্ষম অনুযায়ী দায়িত্ব পালন কৰিব লাগে। কেৱল যুদ্ধ ক্ষেত্ৰত শত্ৰুৰ মুকাবিলা কৰাকে জিহাদ বুলি কোৱা নহয়।
- জিহাদৰ এই নিৰ্দেশ হৈছে ওৱাজিব। কেতিয়াবা প্ৰত্যেকৰে ওপৰত ফৰজ হৈ পৰে, আকৌ কেতিয়াবা কিছুমানে কৰিলেই যথেষ্ট হয়।
- মহান আল্লাহে কেইবাটাও ক্ষেত্ৰত জিহাদৰ নিৰ্দেশ দিছে। ১- শ্বিৰ্ক আৰু মুশ্বৰিকৰ বিৰোধ কৰিবলৈ সংগ্ৰাম কৰা, কিয়নো আল্লাহে কেতিয়াও শ্বিৰ্ক গ্ৰহণ নকৰে। ২- আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত সন্মুখীন হোৱা বাধাক আঁতৰ কৰিবলৈ সংগ্ৰাম কৰা। ৩- আক্বীদাক সুৰক্ষিত কৰা, আৰু ইয়াৰ পৰিপন্থী বিষয়বোৰক আঁতৰ কৰিবলৈ সংগ্ৰাম কৰা। ৪- মুছলিমসকলক ৰক্ষা কৰিবলৈ, তেওঁলোকৰ দেশ, সা-সম্পত্তি আদি সুৰক্ষিত কৰিবলৈ প্ৰতিৰক্ষা কৰা আৰু সংগ্ৰাম কৰা।