- হাদীছটোত জুলহিজ্জা মাহৰ প্ৰথম দহ দিনত কৰা আমলৰ গুৰুত্ব বৰ্ণিত হৈছে। গতিকে প্ৰতিজন মুছলিমৰ কৰ্তব্য হৈছে এই দিন কেইটাৰ সদ্ব্যৱহাৰ কৰা আৰু ইয়াত বেছি বেছি নেক কৰ্ম কৰা। যেনে- আল্লাহৰ জিকৰ-আজকাৰ কৰা, কোৰআন তিলাৱত কৰা, তাকবীৰ কোৱা (অৰ্থাৎ আল্লাহু আকবাৰ কোৱা) তাহলীল পাঠ কৰা (অৰ্থাৎ ছুবহানাল্লাহ পাঠ কৰা) আৰু তাহমীদ পাঠ কৰা (অৰ্থাৎ আল্লাহৰ প্ৰশংসা কৰা), চালাত আদায় কৰা, চাদাক্বাহ কৰা, ৰোজা ৰখা, আনকি সকলো প্ৰকাৰ নেক কৰ্ম কৰা।