- হজ্জ আৰু ওমৰাত তালবীয়াহ পাঠ কৰিবলৈ অত্যাধিক গুৰুত্ব দিয়া হৈছে। কাৰণ এইটো হৈছে হজ্জ আৰু ওমৰাৰ এটা বিশেষ প্ৰতীক। যিদৰে তাকবীৰ হৈছে নামাজৰ প্ৰতীক।
- ইবনুল মুনীৰে কৈছেঃ তালবীয়া পাঠত এই কথাৰ ইংগিত পোৱা যায় যে, ইয়াৰ দ্বাৰা আল্লাহে বান্দাসকলক সন্মানিত কৰিছে, কাৰণ হজ্জ ওমৰাহ পালনকাৰী হৈছে তেওঁৰ ঘৰৰ অতিথি। তেওঁৰ নিমন্ত্ৰণতে ইয়ালৈ অহাটো তেওঁলোকৰ বাবে সম্ভৱ হৈছে।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো তালবিয়া পাঠ কৰিছিল সেইটো পাঠ কৰা বেছি উত্তম, ইয়াৰ উপৰিও কিবা পাঠ কৰাত কোনো আপত্তি নাই, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ক্ষেত্ৰতো সন্মতি প্ৰদান কৰিছে। ইবনে হাজাৰে কৈছে: এইটো আটাইতকৈ ন্যায়সংগত মত যে, মাৰফু হিচাপে বৰ্ণিত তালবিয়া পৃথককৈ পঢ়াটোৱে উত্তম। আনহাতে যদি কিবা মাওকুফ (চাহাবাৰ আমল বা কথা) অথবা নিজৰ ফালৰ পৰা আন কোনো দুআ পঢ়িব খোজে, যিটো এই সময়ৰ বাবে উপযুক্ত, সেয়া পৃথকভাৱে পঢ়িব লাগে, যাতে মাৰফু বৰ্ণনাৰ সৈতে মিশ্ৰণ নহয়। এইটো হৈছে তাশ্বাহহুদত পাঠ কৰা দুআৰ দৰে। কাৰণ এই ক্ষেত্ৰত তেখেতে কৈছে: তাশ্বাহহুদৰ দুআসমূহ পাঠ কৰাৰ পিছত তুমি নিজৰ ফালৰ পৰা যি ইচ্ছা সেয়া প্ৰাৰ্থনা কৰিব পাৰা, আৰু তেওঁৰ ওচৰত বিচাৰিব পাৰা।
- তালবিয়া উচ্চস্বৰে পাঠ কৰা মুস্তাহাব। এইটো কেৱল পুৰুষসকলৰ বাবে। আনহাতে নাৰীসকলে নিম্নস্বৰে পাঠ কৰিব, যাতে ফিতনাৰ আশংকা নাথাকে।