- আল্লাহৰ চৰীয়তৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। গতিকে প্ৰতিজন ব্যক্তিয়ে নিজৰ সাধ্যানুযায়ী আয়ত্ত কৰি তথা সেই বিষয়ে আতিগুৰি জানি লৈ প্ৰচাৰ কৰা উচিত, যদিও পৰিমাণত কম হওক।
- চৰীয়তৰ জ্ঞান অৰ্জন কৰা ওৱাজিব। যাতে ছহীহ শুদ্ধভাৱে আল্লাহৰ ইবাদত কৰিব পাৰি আৰু সঠিকভাৱে চৰীয়তৰ বিধান প্ৰচাৰ কৰিব পাৰি।
- এই কঠোৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো হাদীছ প্ৰচাৰ প্ৰসাৰ কৰাৰ আগত তাৰ নিশ্চয়তা নিৰীক্ষণ কৰাটো অনিবাৰ্য।
- কথা কোৱাৰ সময়ত সত্য কথা ক’বলৈ উৎসাহ প্ৰদান কৰা হৈছে আৰু সতর্কতা অৱলম্বন কৰাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে। যাতে কোনো মিছা প্ৰচাৰত পতিত হ’বলগীয়া নহয়। বিশেষকৈ আল্লাহৰ চৰীয়তৰ ক্ষেত্রত।