- দুই ঈদ অৰ্থাৎ ঈদুল ফিতৰ আৰু ঈদুল আজহা, লগতে আয়্যামে তাশ্বৰীকৰ দিনবোৰত ৰোজা ৰখা হাৰাম। কাৰণ এই দিন কেইটাও ঈদুল আজহাৰ সৈতেই জৰিত। কিন্তু হজ্জৰ সময়ত যিয়ে কুৰবানী দিব পৰা নাই, সেই ব্যক্তিয়ে আয়্যামে তাশ্বৰীকৰ এই দিন কেইটাত ৰোজা ৰাখিব পাৰে।
- ইবনে হাজাৰে কৈছেঃ কোৱা হৈছে যে, এই দুটা দিৱসৰ কথা উল্লেখ কৰি ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে, এই দুটা দিৱসত ৰোজা নৰখাটো ওৱাজিব। যাতে ৰোজাৰ ধাৰাবাহিকতাৰ পৰা পৃথক হ'ব পৰা যায়, এইটো প্ৰকাশ কৰিবলৈ যে, ৰোজা সমাপ্ত হৈছে। এইদৰে দ্বিতীয় দিৱসটো হৈছে কুৰবানীৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ দিন, এতেকে সেইদিনা যাতে সেই মাংস ভক্ষণ কৰা হয়।
- খতীবে নিজৰ ভাষণত সাম্প্ৰতিক বিষয় আৰু সেই সময়ৰ সৈতে জৰিত উৎসৱ সম্পৰ্কে উল্লেখ কৰা উচিত।
- কুৰবানীৰ মাংস ভক্ষণ কৰাটো চৰীয়ত সন্মত।