- ছাহৰী খোৱা আৰু চৰীয়তি বিধানবোৰক আমলত পৰিণত কৰা উত্তম।
- ইবনে হাজাৰে তেওঁৰ 'ফাতহুল বাৰী' গ্ৰন্থত কৈছে: ছাহৰীৰ বৰকত কেইবাটাও উপায়েৰে অৰ্জন হয়। যেনে- ইয়াৰ ফলত ছুন্নতৰ অনুসৰণ হয়, আহলে কিতাবৰ বিৰোধিতা হয়, ইবাদত কৰিবলৈ শক্তি অৰ্জন হয়, কৰ্ম চাঞ্চল্য বৃদ্ধি হয়, ভোকৰ তাড়নাত উপন্ন হোৱা বেয়া স্বভাৱ প্ৰতিৰোধ হয়, দান-খয়ৰাত কৰাৰ সুযোগ লাভ হয়, অথবা একেলগে বহি খোৱাৰ সুযোগ লাভ হয়, বৰকতময় সময়ত জিকৰ-আজকাৰ আৰু দুআ কৰাৰ সুযোগ পোৱা যায়, এইদৰে যিয়ে টোপনি যোৱাৰ আগত ৰোজাৰ নিয়্যত কৰিবলৈ পাহৰি গৈছে, ছাহৰী খাবলৈ উঠিলে নিয়্যত কৰাৰ সুযোগ লাভ হয়।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বোত্তম পদ্ধতিৰে শিকাইছিল, সেয়ে তেখেতে ইয়াত বিধান বৰ্ণনাৰ লগতে ইয়াৰ হিকমত তথা ৰহস্যও বৰ্ণনা কৰিছে। যাতে অন্তৰ প্ৰশস্ত হয় আৰু চৰীয়তৰ উচ্চ মৰ্যাদা বুজিব পৰা যায়।
- ইবনে হাজাৰে কৈছেঃ খাদ্য দ্ৰৱ্য আৰু পানীয় বস্তুৰ পৰা কিছু পৰিমাণে খালেই ছাহৰী হৈ যায়।