- এতিকাফ মছজিদত কৰিব লাগে। আনকি চৰীয়তৰ নিয়ম নীতি অনুসৰণ কৰি নাৰীসকলেও মছজিদতেই এতিকাফ কৰিব লাগিব। কিন্তু চৰ্ত হৈছে ফিতনা হোৱাৰ যাতে কোনো আশংকা নাথাকে।
- ৰমাজানৰ শেষ দহকত এতিকাফ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কিয়নো এই সময়ছোৱাতে তেখেতে এতিকাফ কৰিছিল।
- এতিকাফ হৈছে এটা ধাৰাবাহিক ছুন্নত, যিটো ৰহিত হোৱা নাই। কিয়নো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত তেখেতৰ স্ত্ৰীসকলেও এতিকাফ কৰিছিল।