- ভুলতে তথা পাহৰি ৰোজা অৱস্থাত কিবা খালে ৰোজা ভংগ নহয়।
- ভুলতে অথবা পাহৰি কিবা খালে বা পান কৰিলে গুনাহ নহয়। কাৰণ এইটো তাৰ অধীনত নহয়।
- মহান আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত দয়ালু পৰম কৰুণাশীল। তেওঁ সিহঁতৰ পথ সহজ কৰি দিয়ে আৰু বিপদ-আপদ তথা কঠিনতা দূৰ কৰে।
- ৰোজা ভংগ হ'বলগীয়া বস্তুৰ দ্বাৰা ৰোজাদাৰৰ ৰোজা তেতিয়াহে ভংগ হয় যেতিয়া এই তিনিটা চৰ্তৰ যিকোনো এটা তাত পোৱা যায়। ১- জানি বুজি ৰোজা ভংগ হ'বলগীয়া বস্তু ব্যৱহাৰ কৰা। যদি অজ্ঞতাবশতঃ হয় তেন্তে ৰোজা ভংগ নহ'ব। ২- ইচ্ছাকৃতভাৱে ৰোজা ভংগ হ'বলগীয়া বস্তু ব্যৱহাৰ কৰা, কিন্তু যদি পাহৰি কৰে তেন্তে ৰোজা শুদ্ধ হ'ব আৰু ইয়াৰ কাজা কৰিব নালাগে। ৩- যদি স্বেচ্ছাই কৰে, তেন্তে ৰোজা ভংগ হ'ব, জোৰজবৰদস্তি কৰিলে ৰোজা ভংগ নহ'ব, কাৰণ এইটো হৈছে তাৰ সাধ্যাতীত।