- যিটো বেছি জৰুৰী তথা অধিক গুৰুত্বপূৰ্ণ সেইটোৰ প্ৰতি আমি মনোনিৱেশ কৰা উচিত। অপ্ৰয়োজনীয় প্ৰতিটো বিষয় আমি পৰিত্যাগ কৰা উচিত। লগতে যিটো হোৱা নাই তেনেকুৱা বিষয়ে প্ৰশ্ন কৰা উচিত নহয়।
- এনেকুৱা প্ৰশ্নৰ পৰা নিষেধ কৰাৰ কাৰণ হৈছে, যাতে বিষয়বোৰত জটিলতা সৃষ্টি নহয়, তথা এনেকুৱা সন্দেহ সংশয় সৃষ্টি নহয়, যাৰ দ্বাৰা অধিক মতভেদ সৃষ্টি হ'ব।
- সকলো প্ৰকাৰ নিষেধকৃত বিষয় পৰিত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। কাৰণ পৰিত্যাগ কৰাত কোনো কষ্ট নাই। সেয়ে ইয়াৰ পৰা ব্যাপকভাৱে নিষেধ কৰা হৈছে।
- এইদৰে নিৰ্দেশিত আমলবোৰ যথাসাধ্য কৰিবলৈ আদেশ দিয়া হৈছে। কিয়নো এইবোৰ পালন কৰাটো হৈছে কষ্টকৰ তথা কোনোবাই এইবোৰ পালন কৰাত অপাৰগ হ'ব পাৰে। সেয়ে সাধ্য অনুসৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- অধিক প্রশ্ন কৰাটো নিষিদ্ধ কৰা হৈছে। উলামাসকলে প্রশ্নক দুইভাগত বিভক্ত কৰিছে। প্রথম: দ্বীনৰ প্রয়োজনীয় বিষয়সমূহ শিকিবলৈ প্রশ্ন কৰা, এইটো কৰাত কোনো বাধা নাই, চাহাবাসকলেও এনেকুৱাই প্রশ্ন কৰিছিল। আনহাতে দ্বিতীয় প্রকাৰটো হৈছে, কৃত্রিম তথা বিৰক্তিকৰ আৰু অহংকাৰবশতঃ কৰা প্ৰশ্ন, এই ধৰণৰ প্রশ্ন কৰাটো নিষিদ্ধ।
- এই উম্মতক তেওঁলোকৰ নবীৰ বিৰোধিতা কৰিবলৈ নিষেধ কৰা হৈছে, যিদৰে পূৰ্বৱৰ্তী উম্মতসকলে কৰিছিল।
- অযথা প্ৰশ্ন কৰা আৰু নবীসকলৰ সৈতে মতভেদ কৰাটো হৈছে ধ্বংসৰ কাৰণ। বিশেষকৈ সেইবোৰ বিষয়ত, যিবোৰ বিষয়ে পুংখানুপুংখ জনাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে গায়েব সম্পৰ্কীয় বিষয়বোৰ, যিবোৰৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। এইদৰে কিয়ামত সম্পৰ্কীয় বিষয়বোৰ।
- প্ৰশ্নৰ জৰিয়তে কোনো বিষয়ক জটিলতাৰ ফালে ঠেলি দিবলৈ নিষেধ কৰা হৈছে। আওঝায়ী ৰাহিমাহুল্লাহে কৈছেঃ আল্লাহে যেতিয়া কোনো বান্দাক ইল্মৰ বৰকতৰ পৰা বঞ্চিত কৰিব বিচাৰে, তেতিয়া তেওঁ তাৰ জিভাত ভুল-ভ্ৰান্তি নিক্ষেপ কৰে। মই এনেকুৱা লোকক দেখিছোঁ, সিহঁত খুবেই স্বল্পজ্ঞানী হয়। ইবনে অহাবে কৈছেঃ মই মালিক ৰাহিমাহুল্লাহক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ ইল্মৰ ক্ষেত্ৰত কৰা মতানৈক্যই মানুহৰ অন্তৰৰ পৰা ইল্মৰ জ্যোতি কাঢ়ি নিয়ে।